Pages

Translate

Wednesday 9 October 2013

(৪)

মোৰ আইতাৰ ঘৰ (মা ৰ ফালৰ) উত্তৰৰ ্গুৱাহটীত | সৰুতে আমি প্ৰায়ে তালৈ গৈ থকা আছিলো | স্কুল বন্ধ হ'লেই আমি তালৈ গৈছিলো |
তেতিয়া পৰিয়ালটো যৌথ ভাবে আছিল কাৰণে গৈও ভাল লাগিছিল | মোৰ মুঠ মামা ৫ জন, তেতিয়া মাত্ৰ দুজন মামাৰ হে বিয়া হৈছিল | ১ নং আৰু ২ নং মামাৰ বিয়া হৈছিল আৰু দুয়োজনৰে পৰিয়াল আছিল | ১নং মামা জনে ওচৰৰে চুবুৰীত বেলেগ কৈ ঘৰ বনাই আছিল | অকল ৩ নং মামা  জনে বেংকত চাকৰি কৰিছিল , বাকী আটাইবোৰ খেতি নিৰভৰশীল আছিল | মামাহতৰ খেতিডৰা আছিল ঘৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ আতৰত | আমি শুই নুথুতেই মামাহত হাল লৈ ওলায় গৈছিল | 
 আমি মানে মই,মোৰ দাদা আৰু মামাহতৰ ল'ৰা-ছোৱালী কেইটা | আমি শুই উঠাৰ পিছত মামীয়ে আমাক লাল চাহ দিছিল গুৰ মিঠাইৰ লগত | চাহত চেনি ব্যৱহাৰ খুব কম আছিল | চাহৰ লগত বাছিভাগ এচ্ বিস্কুত খাবলৈ পাইছিলো |
চাহ খাই উঠাৰ পিছত আমাৰ দায়িত্ব আছিল মামাহতক পথাৰত চাহ দিব যোৱাতো |পথাৰত চাহ দিব যোৱাতো তেতিয়া আমাৰ কাৰণে খুব আনন্দৰ কথা আছিল | এদিনৰ কথা সেইদিনা মই আৰু মামাৰ ছোৱালীজনী (নাম-জুপিতৰা) চাহ দিব যাবলৈ ওলালো | তেতিয়া মোৰ বয়স ৫ নে ৬ আছিল আৰু জুপিতৰাও মোৰ মোৰ বয়সৰে আছিল | পথাৰত চাহ খোৱা মানুহ আছিল ৩ জন আৰু আইতাই আমাক এটা মস্ত ডাঙৰ কেটলিত চাহ ভৰাই দিছিল | কেটলিটো দাঙি ইমান দূৰ লৈযোৱা মোৰ পক্ষে সম্ভপপৰ নাছিল সেই কাৰণে মই উপযচি বাতি কেইটাকে কঢ়িয়াম বুলি কলো | 
ভাবিছিলো বাতিহে ওজন বেছি নহ'ব, কিন্তু মোৰ ধাৰনা ওলোটাহে হ'ল | ডাঙৰ ডাঙৰ কাঁহৰ ৫ টা বাতি, এটা বাতিৰে ওজন চাগে আধা কেজিৰো বেছি আছিল | আনহাতে দাঙি ধৰিব লৈ ও অসুবিধা | মুঠতে আধা বাট নাপাওতেই মোৰ পানীত হাঁহ নচঁৰা অৱস্থা | দুবাৰ জিৰনিও ললো | তেতিয়া গাৱৰ ৰাস্তা পকী নাছিল কিন্তু শিল পাৰি থোৱা আছিল |  ৰাতিপুৱাৰ কথা গতিকে ৰাস্তাত মানুহ কম আছিল |আমাৰ আগে আগে মাত্ৰ দুজন মানুহ গৈ আছিল | হঠাত মোৰ হাত বিষোৱাত হাতত থকা বাতি কেইটা ছিটিকি গ'ল আৰু ৰাস্তাৰ শিলত লাগি বহ্হুত জোৰেৰে শব্দ হ'ল | মই ভয় খাই গলো শিলত লাগি বাতিকেইটা নাফাতিলাহে ৰক্ষা | কিন্তু তেনেকুৱা একো নহ'ল | মই লৰালৰিকৈ বাতি কেইটা  উঠোৱাত লাগি গলো | মানুহ দুজনে আমাৰ ফালে চাই থাকিল | তাৰ পিছত অলপ দুৰ গৈ আকৌ একে ঘটনাৰে পুনৰাবৃত্তি | এইবাৰ মানুহ দুজনে নিজৰ মাজতে কিবা কোৱা-কুই কৰিলে | এইবাৰ মোৰ ভয় হৈছিল মানুহ দুজনে যদি আমাক চিনি পাই আৰু ঘৰত লগাই দিয়ে বুলি | তাৰ পিছত মই বাতি কেইটা মূৰততুলি ললো |তাৰ পিছত কোনোমতে গৈ গন্তবয স্থান পালো | সেইদিনাৰ পিছত আৰু মোৰ চাহ দিব যোৱা ও বন্ধ হ'ল| 

No comments:

Post a Comment