Pages

Translate

Thursday 10 October 2013

আহিন মাহৰ এটি আবেলি....





যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা দিনৰ কথা|কলেজৰ নিচেই কাষেৰে ভোগদৈ নৈ খন বৈ গৈছে | নৈ, পাহাৰ, ধাননি পথাৰ আৰু নিশাৰ আন্ধাৰ মোৰ খুবেই প্ৰিয় | এইবো্ৰৰ মাজত মই মোৰ জীৱনৰ মূল
 বিচাৰি পাও | প্ৰথম কলেজলৈ গৈ যেতিয়া ভোগদৈ নৈ খনৰ কথা গম পালো লগে লগে মোৰ মনলৈ আহিল জীৱনৰ
 আদিপাঠ "কুঁহিপাঠ"ত পঢ়া "টিঙখং আৰু ৰহিমলাৰ" কাহিনীতোৰ কথা  |
অনাবিল আনন্দত মনতো নাচি উঠিছিল কাৰন আজৰি সময় পালেই ভোগদৈৰ পাৰত বহি সময় অতিবাহিত কৰিব পাৰিম | আমাৰ শ্ৰেণীবোৰ আৰম্ভ হ'ল আৰু মই মোৰ পুৰবৰ আচনি মতে প্ৰতিতো শণিবাৰে নাইবা দেওবাৰে তালৈ গৈ সপ্তাহতোৰ
 ভাগৰবোৰ ভোগদৈৰ সোঁতত বিসৰজন দি খন্তেক মোৰ মনৰ পৃথিৱীখন পৰিভ্ৰমন কৰিছিলো |
আহিন মাহৰ এদিন আবেলি মই ভোগদৈৰ পাৰত বহি আছিলো | পানীৰ মাজত থকা পাৰকুপাইনত উঠা চাকনৈয়া, ইটোৰ পিছত  সিটো,  এটা নোহোৱা হ'লে আন এটাৰ সৃষ্টি যেন পানীৰ মাজত লুকাভাকু, তাৰে উচৰে-পাজৰে আকৌ দৰিকনা পোৱালিকেইটাই পানী-পাৰ খেলিছে | মেটেকাৰ দ'মতো চাকনৈয়াত পৰি সৌৰজগতৰ নৱতম গ্ৰহৰ লেখিয়া ঘূৰি ঘূৰি ইটো পাৰৰ পৰা  গৈ নৈৰ বুকুত বিলীন হৈছে | মাছৰখীয়াতোৱে (মাছৰোকা চৰাই ) আকৌ  পাৰকুপাইনৰ ওপৰত বহি চিকাৰ অপেক্ষা কৰি আছে, একেৰাহে ঘন্টাৰ পিছত ঘন্টা, নিৰবাচিন্ন ভাবে বহি ধৈয্যৰ পৰিচয়
 দিছে | নৈৰ সোঁতৰ কূলু-কুলু  শব্দই মোৰ  হৃদয়ৰ স্পন্দনৰ লগত সুৰ মিলাই এক নতুন সংগীতৰ যো-যা  হে কৰিছে | নিচেই কাষত থকা বাঁহনি জোপাৰ আৰত লুকাই থকা কুলিতিয়ে ৰৈ-বৈ কান্দিব ধৰিছে যেন কোনোবাই তাইৰ বুকুৰ মাজৰ পৰা পোৱালিতো কাঢ়ি লৈ গৈছে,অবতৰীয়া কুলিৰ মাত যদিও বেয়া লগা নাছিল| 
কিবা এটা কম হৈ থকাত সেইতো পূৰ হোৱা যেন হে লাগিছিল | কুলিতোৰ মাত শুণি বৰশিবায় থকা ল'ৰা কেইটাৰ চাগে বৰশিৰ টোপতোলৈ মনোযোগ কমি আহিছিল আৰু নকমিবই কিয়নো বাৰু কাৰন কুলিৰ 
মাত প্ৰত্যেক জন অসমীয়াৰ হৃদয়ত তেজেৰে খোদিত হৈ আছে, সেইবাবে সিহঁতে বাৰে বাৰে বাঁহনিৰ ফালে জুমি জুমি চাইছিল | নৈৰ পাৰৰে গৈ থকা বাটৰুৱা দুই-এজনে চিঞৰি সুধিছিল "ঐ ল'ৰাহত কিমাণ পালি ?" লগে লগে ল'ৰাহতৰ উত্তৰ "এসাঁজৰো হোৱা নাই" | 
দূৰৈত থকা কাঠৰ দলংখনেৰে মানুহৰ আহ-যাহ চলি আছে,চাইকেলৰ বেলৰ ৰিং-ৰিং শব্দ বতাহত ভাহি মোৰ মগজুত মিশ্র ৰাগৰ ঢৌ তুলিছে| আবেলিৰ বেলিতোৱেও হেঙুলিয়া কিৰণে্ৰে দিনতোৰ সমাপ্তিৰ আগজাননী দিছে |  নৈৰ সিটোপাৰত থকা কহুৱা বন কেইজোপা বতাহত নিজৰ মাজতে আলিংগন কৰিছে | নীলা আকাশৰতলত ,সুৰুযৰ হেঙুলীয়া কিৰণৰ মাজত, ঝিৰি-ঝিৰি বতাহৰ সোঁতত শুকুলা কহুৱা কেইজোপাই নাচিছে আৰু নাচিছে | 

No comments:

Post a Comment