(১)
"ব্যাকৰণ, অভিধান নাথকিলে ভাষা আৰু সাহিত্য হেদাঙি মেলা গৰুৰ দৰে হ'ব
আৰু সই সাহিত্যৰ, সেই ভাষাৰ উপদ্ৰৱত টাটী-চকুৱা এখনো নাথাকিব"
- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
পুৰণি কথা কিছুমান মনলৈ আহিলে সেই দিন বোৰলৈ ঘুৰি যাবলৈ বৰকৈ মন যায়|
সচাঁকৈ যদি হলিওদৰ চিনেমাৰ লেখিয়াকৈ মোৰ শৈশৱলৈ ও ঘুৰি গৈ সেই লুকাভকু খেলা দিনবোৰ এবাৰ ভুমুকি চাব পৰা গ'লহেতেন,আকৌ মাৰবল গুটি খেলিব পৰা গ'লহেতেন,
এইবোৰ কথাই কেতিয়াবা মনতোক বৰষাৰ ক'লা মেঘে আৱৰি ধৰাৰ লেখিয়াকৈ আৱৰি ধৰে.....৬ বছৰ বয়সত কুহিঁপাতৰ পাতনি মেলিছিলো.....উপায় ও নাছিল.....
কাৰণ ব্যক্তিগত বিদ্যালয়ত আমাক পঢ়ুৱাৰ সামৰ্থ দেউতাৰ নাছিল |
যাহওক "নাই মামাত কৈ কণা মামা ভাল" | ১৯৯৩ চনত প্ৰথম শ্ৰেণীত নাম লগালো......."জয়মতী শিশু বিদ্যালয়"
পঢ়াত অত্যন্ত চোকা নাছিলো যদিও "গাধ" বুলিও কোনোৱে কোৱা মোৰ মনত নপৰে |
বদমাচি কৰাত কিন্তু সদায় এক নম্বৰ আছিলো....ঘৰ টাউনত আছিল যদিও আমি গাৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হৈছো...
গতিকে বিহু,পুজা,ফাকুৱাঁ ইত্যাদি এই আটাই বোৰৰ আনন্দ অতি উলহ-মালহেৰে কৰিব পাৰিছিলো..... আজিৰ লেখিয়া যান্ত্ৰিক আনন্দই আমাক তিলমানো ঢুকি পোৱা নাছিল........contd.....
No comments:
Post a Comment