সাধাৰণতে হাতৰ কাম বুলিলে আমিনো কি বুজো? হাতেৰে কৰিব পৰা সকলো কামকে হাতৰ কাম বোলে | শুণিবলৈ অলপ আচহুৱা যেন লাগিলেও এইটোৱেই
সচাঁ .....আমি এল পি স্কুলত পঢ়ি থকা সময়ৰ কথা....প্ৰথম শ্রেণীৰ পৰাই আমাৰ এটা বিষয় আছিল
"হাতৰ কাম" ...... বৰ আচৰিত ধৰণৰ বিষয় আছিল সেইটো ......গোটেই বছৰতো একো কৰিব লগা হোৱা নাছিল. ...কোনো ধৰনৰ ক্লাচ ও আন কি হোৱা নাছিল ......কিন্তু বিষয়টোৰ ওপৰত পৰীক্ষা লৈছিল..........
.......পৰীক্ষাও বৰ আচৰিত ধৰনৰ আছিল, কেতিয়াবা নিৰদিষ্ট তিনি ঘন্টাত হাতৰ কাম কৰি শেষ কৰিব লাগিছিল আৰু
কেতিয়াবা ঘৰত কৰি আনি দেখুৱাব লাগিছিল . ..স্কুলত পৰীক্ষা হ'লে আমি ঘৰৰ পৰা মাটি( আটাৰ লাড়ুৰ লেখিয়া),বাহঁ,পানী,কাপোৰ,বেজী-সুতা আদি যোগাৰ কৰি লৈ গৈছিলো.....মাটিৰে আম, অমিতা আদি বনাই দেখুৱাব লগা হৈছিল......আমাক ঘৰত বনাই আনিব দিয়া বস্তু বোৰৰ ভিতৰত আছিল ড'লা, চালনী, বিচনী, বাহঁৰ স্কেল, দাস্তাৰ আৰু ছোৱলীবোৰক দিছিল ৰুমাল, টবুল-ক্লথ ইত্যাদি....হাতৰ কামবোৰ নামত যদিও হাতৰ কাম কোনোৱে নিজে বনাই অনা নাছিল....সকলোৱে বজাৰৰ পৰা কিনি আনি হে দিছিল...শিক্ষক সকলেও এই কথা জানিছিল.....এই সকলোবোৰ বস্তুৰ ব্যবহাৰ স্কুলত কৰা হৈছিল...এই হাতৰ কামবোৰ বেলেগ বেলেগ ক্লাচত বেলেগ বেলেগ আছিল...এই সকলোবোৰ বস্তুৰে (হাতৰ কাম) ব্যবহাৰ হৈছিল স্কুলত ....বিচনীবোৰ ব্যবহাৰ হৈছিল গৰমৰ দিনত...স্কুলত বিদ্যুতৰ ব্যবস্থা নাছিল...গতিকে শিক্ষক সকলে বিচনিৰে গাত বা লৈছিল...শিক্ষক সকলে পঢ়ুৱাই থকা সময়ত তেওঁলোকৰ গাত বা দিয়াৰ দায়িত্ব আমাৰেই আছিল...আমিও বিচনীৰে ছাৰক সন্তুস্ত কৰি বৰ ভাল পাইছিলো....এইবাৰ বাহঁৰ স্কেলৰ কথালৈ আহোঁ....বাহঁৰ স্কেল মানে সেই এক ফুতি স্কেল হ'লে নহ'ব....পুৰা-পুৰি এক মিটাৰ দীঘল.....চিল-চিলিয়া মজবুত স্কেল...আমাক পিটিব কাৰণে অফিচ ৰুমত সজাই থৈছিল...কাৰণ
এপাত স্কেল বেছিদিন নগৈছিল....মই নিজে মাৰৰ কোবত স্কেল ভাঙি যোৱা বহুবাৰ দেখিছো....ড'লা,চালনী বোৰ স্কুলত অনুষ্ঠিত হোৱা উৎসৱ-পাৰবনত প্ৰসাদ বিলাবলৈ ব্যবহাৰ হৈছিল....মুঠতে সকলোবোৰ হাতৰ কামৰে কিবা নহয় কিবা এটা ব্যবহাৰ হৈ ছিল....
মই বিষয়টোৰ গুৰুত্ব বুজি পোৱা নাছিলো....ভাল ভাল বিচনী, ড'লা,চালনী দেউতাই বজাৰৰ পৰা কিনি আনি দিছিল আৰু আমি গৈ নম্বৰ বুটলিছিলো...হয়তো হ'ব পাৰে মই চহৰত থকা বাবে বিষয়টো মোৰ আবশ্যক যেন বোধ হোবা নাছিল....যা হওক আমি দিয়া বস্তুবোৰৰ যথাযথ ব্যবহাৰ হৈছিল....

No comments:
Post a Comment