সাগৰ দেখিছা ?
কবি -দেবকান্ত বৰুৱা
সাগৰ দেখিছা ? দেখা নাই কেতিয়াও ? ময়ো দেখা নাই
শুণিছো তথাপি,
নীলিম সলিলৰাশি বাধাহীন উৰমিমালা আছে দূৰ
দিগন্ত বিয়াপি |
মোৰ ই অন্তৰখনি সাগৰৰ দৰে নীলা, বেদনাৰে--
দেখা নাই তুমি ?
উঠিছে মৰিছে য'ত বাসনাৰ লক্ষ ঢৌ
তোমাৰেই স্মৃতি সীমা চুমি |
শুণা নাই ? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ
উতলা সঙ্গীত ?
বুজা নাই ? অনুভৱো কৰা নাই ফুলণিত বসন্তৰ
কোমল ইংগিত ?
দেখিছাতো ৰামধেনু ? বাৰিষাৰ ডাৱৰত পোহৰৰ
মোহন গৌৰৱ ;
প্ৰেমৰ পোহৰ-দ্বীপ্ত মোৰ-হিয়া আকাশত দেখিছানে
ৰঙৰ উছৱ ?
মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ
হিয়া ভগা মাত?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ
বুকুৰ সম্বাদ !
......................................
......................................
.....................................|
Devakanta Borooah(Dev Kant Borooah| 22 February 1914 - 28 January 1996)
Devakanta Borooahwas not only a national level politician but also an intellect and a genius poet. His poetry collection may be less in numbers, but highly esteemed by the readers and still very much popular in the Assamese literary world even after his demise two decades ago. 'Xagor Dekhisa' is a master creation of the poet and will never be forgotten.
No comments:
Post a Comment