(৩)
ৰোল নং ১ কেতিয়াও হ'ব নোৱাৰিলো................
বছৰৰ আৰম্ভনিতে হেড্ছাৰৰ পৰা নতুন কিতাপ খুজি আনিছিলো....আৰু আমি পঢ়া পুৰণি কিতাপ বোৰ ছাৰক ঘুৰাই দিছিলো....
আজিৰ দৰে তেতিয়াৰ দিনত কিতাপৰ নাটনি নাছিল.....নতুন কিতাপ পোৱাৰ লগে লগে বাকলি লগাই লৈ উৰাই-ঘুৰাই পঢ়া
আৰম্ভ কৰি দিছিলো.......... পঢ়া মানে বামুণে মন্ত্ৰ মতা নিচিনা পঢ়া নাছিলো......
মই পঢ়া বহু দূৰলৈ শুনা গৈছিল...আৰু বেলেগৰ পঢ়া আমি শুণিবলৈ পাইছিলো.....
মুঠতে কোনে কিমান চিঞৰিব পাৰে তাৰহে প্ৰতিযোগিতা হৈছিল..........
ঘৰৰ ভিতৰত পঢ়াত কৈ ঘৰৰ বাৰান্দা নইবা চোতালত পঢ়িহে মই
বেছি ভাল পাইছিলো.....দেউতাই মোক পঢ়ুৱাইছিল......অংক আৰু মৌখিকত মই বেয়া নাছিলো.....
.শ্রেণীত মই সকলোতকৈ ভাল প্ৰদৰশণ কৰিব পাৰিছিলো..... কাৰণ দেউতাই মোক সকলোবোৰ বিষয় আগতিয়াকৈ পঢ়ুৱাই থৈছিল.....এবাৰ ছাৰে সকলোকে বোৰডত মাতি অংক কৰিব দিলে, কোনোৱেই নোৱাৰিলে, মই অকলে আটাইৰে অংকবোৰ কৰি দিছিলো.....
সকলোকে স্কুলৰ বাৰান্দাত কাণত ধৰি আঁঠু কাঢ়িব দিছিল....মোৰ এনেকুৱা লাগিছিল যেন মই শ্রীনিবাস ৰামাণুজন.....শ্রেণীত ভাল প্ৰদৰশণ কৰিব পাৰিলেও পৰীক্ষাত মই উন্নত প্ৰদৰশণ কৰিব পৰা নাছিলো.....দ্বিতীয় শ্রেণীত ৰোল নং আছিল ২, তৃতীয়
শ্রেণীত ৫ আৰু চতুৰথ শ্রেণীত ৩ .......মুঠতে মই ৰোল নং ১ হ'ব নোৱাৰিলো......
No comments:
Post a Comment