Pages

Translate

Thursday 3 October 2013




                                                               (২)


শ্রেণী কোঠাৰ পৰা পলাওঁতে ধৰা পৰিলো...................................

হয়...স্কুলৰ পৰা পলাইছিলো...ক-শ্রেণীত থাকোতে মই আৰু হিমাংশু দুয়োতাই কেইবাদিনো পলাইছিলো.....আমাৰ বিদ্যালয় খনত মাত্র চাৰিটা কোঠা  আছিল...এটা কোঠাত কায্যালয়, প্ৰথম  আৰু দ্বিতীয় শ্রেণীৰ বাবে এটা আৰু তৄতীয় আৰু চতুৰথ শ্রেণীৰ বাবে একোটাকৈ......মুঠ শিক্ষক-শিক্ষয়িত্রী আছিল তিনি গৰাকী.....গতিকে আমি দ্বিতীয় শ্রেণীৰ লগত একেলগে বহিছিলো.......তেতিয়া আমাৰ শ্রেণী শিক্ষক আছিল শ্রী যুত জগদীশ শৰমা ছাৰ.....তেওঁ বহুত ৰসাল শিক্ষক আছিল......তেওঁ নানান ধৰণৰ ব্যঙ্গ ৰূপ ধাৰন কৰি পঢ়ুৱাটো তেওঁৰ বিশেষত্ব......তেওঁ আমাৰ হাজিৰা লৈ হ'লত আমি আমাৰ পলুৱাৰ আচঁনি প্ৰস্তুত কৰিছিলো......ভয় ও কৰিছিলো, যদি কেনেবাকৈ ধৰা পৰো বুলি......স্কুলৰ পৰা পলাই আমি ঘুৰ ফুৰা নাছিলো অথবা বেয়া কাম কৰিবলৈ ও যোৱা নাছিলো......আমি স্কুলৰ পৰা পোনে পোনে আমাৰ ঘৰলৈ নাইবা সিহঁতৰ ঘৰলৈ গৈ ৰং কৰিছলো......মাঁহতক মিছাকৈ কৈছিলো আমাক ছুটি দিয়া বুলি.....কি কৰা নাছিলো...আহ্ ....কৰদৈ খাব গৈছিলো, পকৰি বনাইছিলো, ঘৰ-ঘৰ খলিছিলো ..আহ কি মজাৰ দিন আছিল সেইবোৰ....কিন্তু এই দুই নম্বৰী মজা বেছিদিন নিতিকিল.....এদিন শ্রেণী কোঠাৰ পিছফালৰ দুৱাৰেৰে লৰ মাৰোতেই তৄতীয় শ্রেণীৰ শিক্ষক শ্রীযুত কৈলাশ শৰমাই আমাক ধৰা পেলালে.....মাৰ খোৱাৰ ভয়ত আমি আৰু পিছলৈ ঘুৰি নাচালো....পোনে পোনে লৰ মাৰিলো.....ভয় ও লাগিছিল যদি তেওঁ ঘৰলৈ আহি গোচৰ দিয়ে....পিচদিনা মই তেওঁৰ লগত চকু মিলাব নোৱাৰা হলো....যদিও তেওঁ আমক একোকে নক'লে কিন্তু সেই দিন ধৰি সেই পিছফালৰ দুৱাৰখন চিৰ দিনৰ কাৰণে বন্ধ কৰি দিয়া হ'ল....আমাৰু সেইদিনাৰ পৰা বিদ্যালয়ৰ পৰা পলুৱা বন্ধ হ'ল.....contd.....

No comments:

Post a Comment