ৰাতিপুৱা শোৱাপাতিতেই কথাতো আকৌ মনলৈ আহিল...
নাই নহ'ব...মই পাৰিবই লাগিব...মোৰ আশাত উতলি থকা মনতোক কোনো মতে মই বুজাব পৰা নাই| আজি কুৰি বছৰে যিটো আশাই মোৰ মনতোক হেচুকি ধৰি আছে, সেইতো কথাই যেন আজিকিছুদিনৰ পৰা মোক তেতুলৈ চেপি ধৰি আহি আছে ...আহ্...কি বেদনা!!! কেতিয়াবা ভাবো কিবা ভুল কৰিলো নেকি? আকৌ পাছ মুহুৰততে মহৎ লোকৰ কিছুমান বাণী মনত কৰি মনতোক বুজনি দিবলৈ চেষ্টা কৰো| মানুহ বোলা এই দুঠেঙীয়া প্ৰাণীতোৱেহে কিজানিবা এই মৰতত আশা লৈ জীয়াই থাকে| আশা অবিহনে এই জীৱন এখন শুকান মৰুৰ নিচিনা|| বালি আৰু বালি,চৌপাশে বালি...সীমাহীন বালি| বালিৰ মাজত কোনো কামৰ অৰ্থ,শূণ্যত ছবি অকাঁৰ নিচিনা| আশাই জীৱনলৈ কঢ়িয়াই আনে সীমাহীন আনন্দ|বাৰিষাৰ ঢলে
খেতিয়কৰ মনলৈ আশাৰ ঢল কঢ়িয়াই অনাৰ দৰে আশাবোৰেও আমাৰ মনত ফেনে-ফুতুকাৰে জোৱাৰ তোলে,মনত ন ন চিন্তাৰ সঞ্চাৰ হয়| অনন্ত সাগৰৰ মাজত পালতৰা নাওঁখনক বতাহে যিদৰে নিজৰ দিশত লৈ যায় তেনেকৈয়ে আশাবোৰেও আমাৰ গতিপথ নিৰ্ণয় কৰি আমাক নিজৰ সৈতে উতোৱাই লৈ যায়| আমি নীৰৱ দৰ্শক হৈ কৰো মাথো অপেক্ষা আৰু অপেক্ষা...

No comments:
Post a Comment